পৃষ্ঠা:Kirtan Ghosha.pdf/২০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
১৯৩
শিশু-লীলা


তৃতীয় কীৰ্ত্তন

ঘোষা॥ কেশৱ কৃষ্ণ কৰুণা-সিন্ধু।
ত্ৰাহি জগন্নাথ অনাথ-বন্ধু॥ ৩


পদ॥ এহিমতে ব্ৰজে আনন্দে হৰি।
 কৰন্ত ক্ৰীড়া শিশু-ৰূপ ধৰি॥
 যত গোপ শিশু বলাই আদি।
 সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী॥ ২২

 যশোদাৰ আগে দিলেক খল।
 খাইলন্ত কৃষ্ণে মাটি এক দল॥
 শুনিয়া যশোদা সুন্দৰী হাসি।
 পুত্ৰৰ হাতত ধৰিলা আসি॥ ২৩

 কেনে মাটি খাইলি অৰে গোপাল।
 কোবাই আজি তোৰ ফাৰিবো ছাল॥
 শুনিয়া কৃষ্ণৰ হৰিল মাত।
 চক্ষু টেৰ কৰি মাৱক চান্ত॥ ২৪

 ভয়তে যেন কাম্পৈ হাত-ভৰি।
 যশোদা দেখে পুত্ৰ গৈল ডৰি॥

১৩