পৃষ্ঠা:Kirtan Ghosha.pdf/২০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
[ খণ্ড ১০
কীৰ্ত্তন-ঘোষা


বানৰকো খুৱাৱে গোৱিন্দ কিনো চাণ্ড।
বানৰে নখান্ত জানি কোবাই ভাঙ্গে ভাণ্ড॥
ঢুঙ্কি যেৱে নপাৱে মনত নাই তুষ্টি।
সিকিয়াৰপৰা আনে উৰলত উঠি॥ ১৮
শৰীৰৰ ৰত্নগণে ফুৰে পসৰাই।
আন্ধাৰতো খুজি পাত্ত লুকান নযায়॥
বস্তুক নপাইলে ধৰি মাৰন্ত ছৱালি।
গৃহক ভৰ্ৎসিয়া পলাই যান্ত বনমালী॥ ১৯
মাৱৰ কোলাত আছা তুমি জগন্নাথ।
সভয়-নয়ন হুয়া চপৰাইলা মাথ॥
হেন দেখি যশোদা কৃষ্ণক নোবোলয়।
আনন্দে ৰহিলা হাসি পুত্ৰ-মুখ চাই॥ ২০
ডৰিবাৰ দেখিয়া পুত্ৰক বৰনাৰী।
বুকত সাবটি ধৰিলন্ত চুমা পাৰি॥
মাধৱৰ শিশু-লীলা শুনা সৰ্ব্ব লোক।
বোলা হৰি হৰি যত পাতক ছাৰোক॥ ২১


পা ১৯॥ বস্তুক••••"বনমালী॥ -পুথি)
 বস্তুক নপাইলে ছৱালিক মাৰে ৰাগি।
 লৱড়ন্তে পলাই যান্ত মজিয়াত হাগি॥