পৃষ্ঠা:Kirtan Ghosha.pdf/২০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
[খণ্ড ১০
কীর্ত্তন-ঘােষা


আসিলেক পূতনা মােহিনী নাৰী-বেশে।
তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে॥
কোলে ধৰি তােমাক দিলেক তন দান।
তন-পানে পূতনাৰ শুষিলাহা প্রাণ॥ ৯
শকটৰ তলে থৈলা যশােদা শুৱাই।
লাথি হানি পেলাইলা শকট ওভতাই॥
হেন দেখি যশােদা সুন্দৰী মহাদুঃখে।
আথে-বেথে কোলে লৈয়া তন দিলা মুখে॥ ১০
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি।
ৰাম-নাম বিনা নাহি কাহাৰাে মুকুতি ॥
হেন জানি নিৰন্তৰে এড়ি আন কাম।
পাতক ছাড়ােক ডাকি বােল ৰাম ৰাম॥ ১১

দ্বিতীয় কীৰ্ত্তন

ঘোষা॥ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ-সাগৰে॥২
পদ ॥ চক্ৰৱাত অসুৰে কৃষ্ণক নিলে হৰি।
 আকাশত মাৰিলা গলত চেপি ধৰি॥
 কৃষ্ণক হিয়াত লৈয়া পড়িলা ভূমিত।
 জুৰাইল তােমাক পায় যশােদাৰ চিত্ত॥১২