পৃষ্ঠা:Kirtan Ghosha.pdf/১৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
১৮৫
বলি-ছলন


পঞ্চম কীৰ্ত্তন

ঘোষা॥ হৰি ৰাম হৰি ৰাম  ঘুষিয়ো ভাই
 সংসাৰ-সাগৰে তৰ।
ৰাম-পাৱ-নাৱ  কাছতে আছন্ত
 মিছাতে ডুবিয়া মৰ॥ ৫


পদ। এহিমতে তৈত আশে যত দৈত্য
 এৰিল আন আলাপ।
 কৰে হৰি-ধ্বনি হৰি-কথা শুনি
 শৰীৰ ভৈল নিস্পাপ॥

 কৃষ্ণৰ চৰণ সেৱে অনুক্ষণ
 অক্ষয় পুণ্যক সঞ্চে।
 বলিৰ প্ৰসাদে অতি অপ্ৰমাদে
 সুতল-পুৰীত বঞ্চে॥ ২৯

 সিটো দৈত্যেশ্বৰে মাধৱত পৰে
 নিচিন্তিলা আন কাম।
 শয়নে ভোজনে সচেতে স্বপনে
 নেড়িলা হৰিৰ নাম॥


পা ঘোষা ৫॥ ৰাম-পাৱ-নাৱ - ৰাম- নাম-নাৱ।