পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
খণ্ড ৯
কীৰ্ত্তন-ঘোষা


শ্যামল শৰীৰ শিৰে কিৰীটি উজ্জ্বল।
কমল-লোচন চাৰু মকৰ কুণ্ডল॥
কণ্ঠত কৌস্তুভ কৰে কঙ্কণ কেয়ুৰ।
কটিত মেখলা পাদ-পঙ্কজে নূপুৰ॥ ৪
গাৱে পীত বস্ত্ৰ যেন আগনিৰ জ্বালা।
আপাদ-লম্বিত গলে জ্বলে বনমালা॥
প্ৰসন্ন বদনে হৰি কৰে ধৰি গদা।
বলিৰ সম্মুখ হুয়া থাক সৰ্ব্বদা॥ ৫
হৰি-দশনত নিৰ্ম্মল তৈল মতি।
কৃষ্ণৰ চৰণে অনুক্ষণে বাঢ়ে ৰতি॥
ভৈলন্ত বিমুখ বলি বিষয়-সুখত।
সদায়ে কৃষ্ণৰ নাম নুগুচে মুখত॥ ৬
উঠি কতো কীৰ্ত্তন কৰন্ত তাল ধৰি।
দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি॥
প্ৰহ্ৰাদে শিখান্ত গাৱে গোৱিন্দৰ গীত।
পৰম আনন্দে দৈত্য-পতি কৰে নৃত্য ॥ ৭

গোৱিন্দক দেখিয়া আনন্দে দ্ৰৱে চিত্ত।
হৰিষে লোতক শ্ৰৱে তনু লোমাঞ্চিত॥


^ পা ৪॥ কমল লোচন-কৰ্ণত জলস্ত।