পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
[খণ্ড ৮
কীৰ্ত্তন-ঘোষা


কৃষ্ণ কথা যিবা ভণে  যিবা শুনে এক মনে
 যমৰ ভাৱনা কৰে চুৰি।
পুৰুষ উদ্ধাৰ কৰি সংসাৰ-সাগৰে তৰি
 অন্তকালে যায় বিষ্ণুপুৰী॥

শঙ্কৰে ৰচিল গীত আপুনাৰ চিন্তা হিত
 শুনা সমজ্যাৰ যত জন।
এড়ি আলজাল কাম  ডাকি বোলা ৰাম ৰাম
 সমাপত মহেশ-মোহন॥ ৯৮

হৰমোহন সমাপ্ত॥৮॥