পৃষ্ঠা:Kirtan Ghosha.pdf/১৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০]
১৭১
হৰ-মোহন


নমো নমো দামোদৰ সংসাৰৰ বিঘ্নি-হৰ
 ভকত-অভয়-দাতা দেৱ।
ভাগৱত পদ ছবি ৰচিল শঙ্কৰ কবি
 কৃষ্ণৰ চৰণ কৰি সেৱ॥

শুনিয়োক সাধু লোক  নিন্দা নুবুলিবা মোক
 যদি দেখা পদত দূষণ।
আমি সমস্তৰে শিষ্য জানি কৰা বিমৰিষ
 মহন্তৰ ক্ষমাসে ভূষণ॥ ৯৬

কৃষ্ণে দিল যেন মতি যেন ৰড়ে সৰস্বতী
 বিৰচিলো সেহি অভিপ্ৰায়।
যতেক চটক দেখা যাৰ যেনমত পাখা
 তাৰ অনুৰূপেসে উড়ায়॥

শুনা সৰ্ব্বজন তত্ত্ব ইটো মহাভাগৱত
 তিনিও লোকত সাৰোত্তৰ।
যত মহাযজ্ঞ দান  কোটি কোটি তীৰ্থ-স্নান
 কেহো আৰ নপাৱে ওচৰ॥ ৯৭


পা ৯৬ ॥ শিষ্য়—সিশ, শিষ।