এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০
১৬৯
হৰ-মোহন
আৱেসে জানিলো সাৰ হৰি-ভকতিত পৰ
নিস্তাৰ কৰন্তা আন নাই।
মিছাতেসে মূঢ়জনে খপে আল-জাল-মনে
হৰি-নামে মোক্ষ-পদ পাই॥
আৰ চিন্তা নাই মোৰ তৰিবো সংসাৰ ঘোৰ
কৌতুহলে হৰি-নাম-নাৱে।
এহি বুলি পাছে গৌৰী হৰিত ভকতি কৰি
থাকিলন্ত জগতৰ মাৱে॥ ৯২
শুক মুনি নিগদতি শুনিয়োক কুৰুপতি
কহিলোহো হৰিৰ চৰিত্ৰ।
কপট-যুৱতী-বেশে যেনমতে হৃষীকেশে
মুহিলন্ত শঙ্কৰৰ চিত্ত॥
দৈত্যৰ মুহিয়া মন যেনমতে নাৰায়ণ
ভুঞ্জাইল অমৃত দেৱতাক।
পুছিলা যতেক মানে কহিলো তোমাৰ থানে
সাৱশেষে কৃষ্ণৰ কথাক॥ ৯৩
পা পদ ৯২॥ হৰি-নাম-নাৰে।--হৰি বোলে মনে।
জগতৰ মাৱে ॥—কতো দিনমানে॥