পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
খণ্ড ৮
কীৰ্ত্তন-ঘোষা


হৰিৰ চৰণ-মনে চিন্তিয়োক সৰ্ব্বক্ষণে
 কৰিয়ো ভকতি ভালমতে।
তেৱেসে সংসাৰ তৰি  হৰিৰ প্ৰসাদে গৌৰী
 পাইবা মোক্ষ মোহোৰ লগতে॥

দশম কীৰ্ত্তন

ঘোষা॥ জয় কৃষ্ণ বোল নৰ মুখে।
 বৈকুণ্ঠে প্ৰয়াণ কৰ সুখে॥১০


পদ॥ শঙ্কৰৰ হেন বাণী  পাৰ্ব্বতী গোসানী শুনি
 আনন্দতে শিহৰাইলা গাৱ।
 উঠি কৰযোড়ে গৌৰী  ফুৰি প্ৰদক্ষিণ কৰি
 নমিলা শিৱৰ দুই পাৱ॥

 তুমি প্ৰভু সৰ্ব্বজান দিলা মোক দিব্য জ্ঞান
 সাৰ্থক তোমাৰ মঞি জায়া।
 কিনো ভাগ্যৱতী আমি  তোমাৰ প্ৰসাদে স্বামী
 তৰিবো দুস্তৰ ঘোৰ মায়া॥ ৯১


পা ঘোষা ১০॥ ৰাম ৰাম ৰঘুনাথ এ।
 ৰাম-নাম নচাড়োক মুখে॥১০