পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
১৬৭
হৰ-মোহন


কন্যাক ফুৰিলো খেদি  গিৰি গুহা বন নদী
 অনেক ঋষিৰ আশ্ৰমতে॥

নেদেখিলে কৈৰ লোক  কোনে নহাসিলে মোক
 লঘু হুইবে নথাকিল ঠাই।
এভো মোৰ কাম্পে হিয়া  হেন জানা প্ৰাণ-প্ৰিয়া
 হৰিৰ মায়াত বড়া নাই॥ ৮৮

যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ
 হৰিত পৃথক কেহো নোহে।
যি জন ভকতি-হীন  সি দেখে হৰিক ভিন্ন
 হৰিৰ মায়ায়ে তাক মোহে॥

হৰিসে পৰম দেৱ হৰিকেসে কৰো সেৱ
 স্ৰজন্তা পালন্তা দেৱ হৰি।
হৰি-নাম হিয়ে ধৰি হৰি-নাম সদা স্মৰি
 তেৱেসে হৰিৰ মায়া তৰি॥ ৮৯.

হেন জানি তুমি দেবী  হৰিৰ চৰণ সেৱি
 এড়া লোভ মোহ ক্ৰোধ কাম।
নকৰিয়ো জন্ম বৃথা শুনা সদা হৰি-কথা
 কৰিয়ো কীৰ্ত্তন হৰি-নাম॥