এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[খণ্ড ১
কীৰ্ত্তন-ঘোষা

বুদ্ধ অৱতাৰে বেদপথ কৰি ছন৷
বামানয় শাস্ত্ৰে মুহি আছা অজ্ঞ জন৷৷
নিচিন্তে চৰণ নাম নলৱে তোমাৰ৷
সদায়ে প্ৰমত্ত লোক পাষণ্ড আচাৰ৷৷ ১৩৷৷
কলিৰ শেষত হৈবা কল্কি অৱতাৰ৷
কাটি-মাৰি ম্লেছক কৰিবা বুন্দামাৰ৷৷
সবাকো বধিবা বৌদ্ধগণ যত আছে৷
কলিৰ শেষত সত্য প্ৰৱৰ্ত্তিব পাছে৷৷ ১৪৷৷

তৃতীয় কীৰ্ত্তন

ঘোষা॥ নৰহৰি গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম৷৷ ৩৷৷

পদ॥ সনতকুমাৰ অৱতাৰে তুমি হৰি৷
 ফুৰিলা দুষ্কৰ ব্ৰহ্মচৰ্য্য ব্ৰত ধৰি৷৷
 পৃথু ৰাজা তোমাত সুধিলা মহাজ্ঞান৷
 সমস্ত তত্ত্ৱক তুমি কৰিলা বাখ্যান৷৷ ১৫৷৷
 ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ৷
 পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ৷৷


পা ঘোষা ৩৷৷ ৰাম--হৰি৷ ১৩৷৷ অজ্ঞ জন--সৰ্ব্ব জন৷
  ১৫৷৷ মহাজ্ঞান-- দিব্যজ্ঞান৷