পৃষ্ঠা:Kirtan Ghosha.pdf/১৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
[খণ্ড ৮
কীৰ্ত্তন-ঘোষা


হৰষ-বদনে বান্ধৈ দিয়ো মোক চুমা।
কৰা আলিঙ্গন কি কৰিতে পাৰে উমা॥ ৪৮
কিয়নো নেদেস প্ৰাণেশ্বৰী মোক লাগ।
যেহি লাগে সেহি দিবে পাৰো মোত মাগ॥
কৈলাসৰ পাতিবো তোহোক অধিকাৰী।
সেৱা কৰি থাকিবে যতেক দিব্য নাৰী॥ ৪৯

নকৰিবো দ্বন্দ-বাদ নপাৰিবো গালি।
ময়ো দাস তোমাৰ থাকিবো আজ্ঞা পালি॥
তোমাৰেসে কৰি দিবো পাৰ্ব্বতীক চেড়ী।
আৰ যোনো যাস প্ৰাণেশ্বৰী মোক এড়ি॥ ৫০

দেখিবে নৱাৰা যেৱে আমাৰ কুবেশ।
জটাকো মুণ্ডাঞো তেৱে কৰিয়ো আদেশ॥
সৰ্প গুচাই পিন্ধো আনি দিব্য অলঙ্কাৰ।
মুণ্ড-মালা গুচাই আঁৰো গলে হেমহাৰ॥ ৫১

বাঘ-ছাল এড়ি পিন্ধো দেৱাঙ্গ-বসন।
ভস্ম গুচাই গাৱে ঘষো আগৰ চন্দন॥
যেহি লাগে বোল বান্ধৈ তাক মঞি কৰো।
মুখ চাই নমাত সম্যকে আত মৰো॥ ৫২


পা’ ৪৮॥ হৰষ–সৰস।