পৃষ্ঠা:Kirtan Ghosha.pdf/১৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
১৫৩
হৰ-মোহন


পঞ্চম কীৰ্ত্তন

ঘোষা॥ দেহু দেখা ৰাম নয়ন ভৰি চাঞো।
 অৰুণ পাৱৰ বালাই লৈয়া মৰি যাঞে॥ ৫


পদ॥ শুক মুনি বোলন্ত শুনিয়ো ৰাজা পাছে।
 হৰক নমাতি কন্যা এহিমতে আছে॥
 খেলাৱন্তে খেৰি হাতৰপৰা পৰি।
 গৈল বেগে গুটি কতো দূৰক উফড়ি॥ ৩৭

 তাক দেখি যান্তে কন্যা বেগ ধৰি ধাই।
 কটিৰ বস্ত্ৰক বায়ু নিলে উড়ুৱাই॥
 ভৈল তনু উদাস বেকত গুপ্ত অঙ্গ।
 লাজে আণ্ঠু সাবটি কৰন্ত অঙ্গ-ভঙ্গ॥ ৩৮

 হুয়া কুজী জুমুৰী অঙ্গক হাতে ঢাকি।
 সাজে চক্ষু মুদি কতো অধোমুখে থাকি॥
 আঁৰ হুইবে লাগি ওচৰত নাহি গাছ।
 হাস্য কৰি কতো টেৰ কৰি চান্ত পাছ॥ ৩৯

 দৰশান্ত ভাৱ শঙ্কৰৰ মোহ হেতু।
 দেখিল কন্যাৰ গুপ্ত অঙ্গ বৃষকেতু॥


পাঃ ৩৯॥ জুমুৰী–জুমুজি।