পৃষ্ঠা:Kirtan Ghosha.pdf/১৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
[ খণ্ড ৮
কীৰ্ত্তন-ঘোষা


চক্ষু কমলৰ পাশি মুখে মনোহৰ হাসি
 সঘনে দৰশৈ কাম-ভাৱ॥ ৩০
উৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ-ছটা
 লীলা-গতি দেখাই ফুৰে পাক।
সোলকে উচ্চল খোপা  খসে পাৰিজাত-থোপা
 বাম হাতে সম্বৰন্ত তাক॥

কৰ্ণত কুণ্ডল লৰে তন হলফল কৰে
 গলে ৰত্ন-মালা ঝিকি পাৰে।
সুৱৰ্ণ কঙ্কণগণ সিও কৰে ৰুণঝুন
 প্ৰকাশে হৃদয় হেম-হাৰে॥ ৩১

কণ্ঠে লুলে সাতসৰী  লয়-লাসে কাঢ়ে ভৰি
 আগ বাঢ়ি পাছ গুচি যান্ত।
পিন্ধি শাড়ী খোন্টাজালি  যেনে মৈৰা কৰে ছালি
 হৰক কটাক্ষ কৰি চান্ত॥

দৰশান্ত কাষ পৃষ্ঠি  ক্ষণোহো সমুখ-দৃষ্টি
 চাহি লাজে যান্ত চক্ষু মুদি।


পা ৩১॥ কৰন্ত কটাক্ষ ছটা - কটাক্ষে কৰন্ত ছণ্টা।
 ৩২॥ শাড়ী খোন্টাজালি—শাড়ী খোঁটাজালি, নেত ঘোন্টাজালি,

শাড়ী ফোণ্টাজালি।