এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণন

ছিৰীৰাম ৰূপে কৌশল্যাতে অৱতৰি।
বনবাস খপিলা পিতৃৰ বাক্য ধৰি॥
বিৰাধ কৱন্ধ মাৰিচৰ লৈলা প্ৰাণ।
খৰ দূষণক প্ৰভু কৰিলা নিৰ্য্যাণ॥ ৮
একপাট সৰে বালি সঙ্কলিলা জীৱ।
তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ॥
লঙ্কাত পশিলা সাগৰত বান্ধি সেতু।
বধিলা ৰাৱণ সীতা-হৰণৰ হেতু॥ ৯
বধিলা ৰণত আনো ৰাক্ষস অনেক।
ভক্ত বিভীষণক কৰিলা অভিষেক॥
অগ্নিত পৰীক্ষা কৰি আনিলা সীতাক।
ব্ৰহ্মাদেৱে তুতি-বাণী বুলিলা তোমাক॥
সম্বৰিলা সিতা দশৰথৰ বচনে।
অযোধ্যাক আসিলা সভাৰ্য্যে ৰঙ্গ মনে॥
কৰিলাহা ৰাজ্য দশ হাজাৰ বৎসৰ।
লগে স্বৰ্গে নিলা সৱে অযোধ্যা নগৰ॥ ১১
ৰোহিণীত ভৈলা হলিৰাম অৱতাৰ।
দ্বিৱিদৰ প্ৰাণ লৈলা মুষ্ঠিৰ প্ৰহাৰ॥
প্ৰলম্ব মুষ্টিক ৰুক্ম দন্তবক্র বীৰ।
লীলায়ে মাৰিয়া ভাৰ হৰিলা ভূমিৰ॥ ১২