পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
[ খণ্ড ৮
কীৰ্ত্তন-ঘোষা


মণি-মৰকত- থলী নানা মত
 দীপ্তি কৰে তাৰ কাছে।
মহা মনোহৰ দীৰ্ঘি সৰোবৰ
 তাৰ মাজে মাজে আছে॥

চাৰিও কাষৰে পৱাল বাখৰে
 বান্ধিছে বিচিত্ৰ কৰি।
বৈদূৰ্য্যৰ বাট ফটিকৰ ঘাট
 মৰকত-খাটখৰি॥ ২৭

সুৱৰ্ণ কমল ভেট উতপল
 ফুলি ফুলি আছে ৰঞ্জি।
শোভে চক্ৰৱাক  ৰাজহংস-জাক
 মৃণাল ভুঞ্জে উভঞ্জি॥

কোণ্ঢা কঙ্ক বক বিবিধ চটক
 ভ্ৰমন্ত নিৰ্ভয়ভাৱ।
অমৃত-সমান জুল কৰি পান
 তেজে সুললিত ৰাৱ॥ ২৮


পা ২৭॥ দ্বীৰ্ঘি, দিব্য। কাষৰে - কাথৰে
 ২৮॥ ভ্ৰমন্ত-প্ৰমত্ত।