পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
খণ্ড ৮
কীৰ্ত্তন-ঘোষা


নবাঞ্চোহো সুখ ভোগ নমাগো মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি॥১২,
মুখে লৌক নাম মোৰ কৰ্ণে তৱ কথা।
হৃদয়ত পাদ-পদ্ম থাকোক সৰ্ব্বথা॥
সজ্জনৰ সঙ্গ নুগুচোক সৰ্ব্বক্ষণে।
এতেক প্ৰসাদ মাগো তোমাৰ চৰণে॥ ১৩
শুনা যি কাৰণে আইলো গোচৰ আমাৰ।
দেখিয়াছো তোমাৰ অনেক অৱতাৰ॥
সম্প্ৰতি ধৰিলা প্ৰভু যেন নাৰী-বেশ।
তাক দেখিবাক লাগি আইলো হৃষীকেশ॥ ১৪
যিটো নাৰীবেশ ধৰি মুহিলা দানৱ।
দেৱৰ অমৃত-পান সাধিলা মাধৱ॥
সেহি নাৰী-বেশ দেখিবাক অভিলাষে।
কৌতুহলে সভাৰ্য্য়ে আসিলো তযু পাশে॥ ১৫
ভৃত্য হেন জানি যদি আছে মোক দায়া।
দেখায়ো আমাক কেনমত তিৰী-মায়া॥
ভকতৰ মনোৰথ কৰিয়ো পূৰণ।
হেন শুনি হাসি মাতিলন্ত নাৰায়ণ॥ ১৬
দৈত্যে নিলে অমৃত দেৱৰ দেখি ক্লেশ।
সি কাৰণে শঙ্কৰ ধৰিলো নাৰী-বেশ॥