পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
১৪৩
হৰ-মোহন


দ্বিতীয় কীৰ্ত্তন

ঘোষা॥ ত্ৰাহি ৰাম নিৰাকাৰ নিৰঞ্জন হৰি।
 কৰা কৃষ্ণ কৃপা সেৱকৰ মন পুৰি॥ ২


পদ॥ নমো নমো মাধৱ বিধিৰ বিধি-দাতা।
 তুমি জগতৰ গতি মতি পিতা মাতা॥
 তুমি পৰমাত্মা জগতৰ ঈশ এক।
 একো বস্তু নাহিকে তোমাত বিতিৰেক॥ ৯
 তুমি কাৰ্য্য কাৰণ সমন্তে চৰাচৰ।
 সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ॥
 তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ।
 অজ্ঞানত মূঢ় জনে দেখে ভিনাভিন॥ ১০
 তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বক্ষণে।
 তুমি আত্মা তোমাক নজানে একোজনে॥
 সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
 তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত॥ ১১
 তুমিসে কেৱলে সত্য মিছা সৱে আন।
 জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান॥


পা ৯॥ বিধি-দাতা-বিধাতা। পৰমাত্মা-প্ৰিয় আত্মা।
পা ১০ ॥ সুৰাসুৰ-সুৰ-নৰ। ভিনাভিন-ভিন্নাভিন্ন।