এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[খণ্ড ১
কীৰ্ত্তন-ঘোষা

দিব্য যজ্ঞ-বৰাহ-স্ৱৰূপ ভৈলা তুমি৷
লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভুমি৷৷
তোমাক কৰিলে যুদ্ধ হিৰণ্যাক্ষ বীৰি৷
অপ্ৰয়াসে দৈত্যক মাৰিলা দান্তে ছিঁৰি৷৷ ৪
আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ৷
নৰসিংহ-ৰূপে হিয়া বিদাৰিলা তাৰ৷৷
কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস৷
ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস৷৷ ৫
বামন স্ৱৰূপে অদিতিৰ বাক্য পালি৷
ইন্দ্ৰক থাপিলা চলে বলিক নিকালি৷৷
ত্ৰৈলোক্যক আক্রমিলা চৰনৰ গতি৷
তযু পাদোদকে গঙ্গা ভৈলা উতপতি৷৷ ৬

দ্বিতীয় কীৰ্ত্তন


ঘোষা৷৷ যদুমনি যাদৱ যাদৱ যাদৱানন্দ হৰি৷৷ ২

পদ॥ ভৈলাহা পৰশুৰাম নামে অৱতাৰ৷
  প্ৰদক্ষিণ কৰি ভূমি তিনি সাত বাৰ৷৷
  ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি৷
  নিক্ষত্ৰিয় কৰিলা সমস্ত বসুন্ধৰী৷৷৭