পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
[ খণ্ড ৭
কীৰ্ত্তন-ঘোখা

ক্ষীৰ সাগৰৰ ঢউ চৌভিতি উথলে।
পখালে পৰ্ব্বত সুশীতল গন্ধ-জলে॥
থানে থানে আছে ভুমি অনেক উদ্যান।
ফুলে জকমক গন্ধে নাহিকে সমান॥৪

নদী-নদ অশেষ বিশেষ সৰোবৰ
স্ফটিক-নিৰ্ম্মল জল দেখি মনোহৰ॥
বিদ্যাধৰসৱে তাতে নামি কৰে স্নান।
পখালে শৰীৰ বৱে সুগন্ধিত ঘ্ৰাণ॥ ৫

পৰম আমোদ গন্ধ উথলে সদায়।
দশোদিশ জুৰি তাৰ বায়ু বহি যায়॥
দেখি সুশোভন তৰু যত উপবনে।
যাত নিতে ক্ৰীড়ে দেৱ দিব্য নাৰীগণে॥ ৬

শাল তাল তমাল মন্দাৰ পাৰিজাত।
চম্পক অশোক আনো পুষ্প অসংখ্যাত॥


পা* ৪॥গন্ধ-জলে-দুগ্ধ-জলে।

৫॥ফটিক-নিৰ্ম্মল-ফটিক-ধৱল। সুগন্ধিত ঘ্ৰাণ- চন্দন সুঘ্ৰাণ।
আমোদ-অমদ্য, আমোদ।
[ দেৱীসজ্জনামোৰসৌৰম্ভাম্বৃনিলৈৰ্যুতঃ॥ —ভাগৱত ৮৷২৷৮
৬॥তৰু যত- বৰুণৰ।
[ বৰুণস্য মহাত্মনঃ উদ্যানমৃতুমন্নাম-ভাগৱত ৮।২।৯