পৃষ্ঠা:Kirtan Ghosha.pdf/১২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা


দৈত্যে আক্ৰমিলে প্ৰভু আমাৰ হৃদয়।
সপনে সচেতে আমি দেখো দৈত্যময়॥
দানৱক মাৰি আৱে খণ্ডিলা দুৰ্গতি।
কোননো নসাধে প্ৰভু তোমাত ভকতি॥ ২১৪
ঋষিগণে বোলে নমি ভৈল মহাৰঙ্গ।
কৰিলেক আমাৰ পাতকী তপভঙ্গ॥
তাক মাৰি সাধিলা আমাৰ মনোৰথ।
দুনাই থাপিলা জগন্নাথ ধৰ্ম্ম-পথ॥ ২১৫
পিতৃগণে বোলে নৃসিংহক নমি বাক।
পুত্ৰগণে দেয় শ্ৰাদ্ধ যতেক আমাক॥
দৈত্যেন্দ্ৰে আপুনি ভুঞ্জে সৱে কাঢ়ি নিয়া।
কিনো ৰঙ্গ ভৈল তাৰ বিদাৰিলা হিয়া॥ ২১৬
নাগগণে বোলে নৃসিংহক আগ বাঢ়ি।
ভাল ভাল স্ত্ৰীক মানে আনিলেক কাঢ়ি॥
সাধিলা আনন্দ তাৰ হৃদয় বিদাৰি।
প্ৰণামো অনন্ত ভকতৰ ভয়হাৰী॥ ২১৭
বৈতালিকগণে বলে শুনিয়ো গোসাঁই।
দেৱৰ সভাত ফুৰো তযু গুণ গাই॥


 পা° পদ ২১৪॥ সপনে—সোপনে, সপোনে
  ২১৮॥ বৈতালিক-বৈমানিক [শ্ৰীবৈতালিকা উচুঃ-ভাগৱত