পৃষ্ঠা:Kirtan Ghosha.pdf/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৮]
১১৩
প্ৰহ্ৰাদ-চৰিত্ৰ


গদায়ে সহিতে ধৰিলন্ত দিয়া চাম্প।
গৰুড়ৰ হাতত বাজিল যেন সাপ॥ ১৯২
এড়াইল হাতৰ দৈত্য আৰি-মুৰি কৰি॥
লীলায়ে এড়িলা তাক আপুনি নৃহৰি॥
দেখি দেৱগণে আতি কৰি হৃদি-খেদ।
হৰি হৰি নভৈল দুঃখৰ পৰিছেদ॥ ১৯৩
দৈত্যেশ্বৰে বোলে বল কন্টালিলো আৰ।
কৈক যাইবি নৰসিংহ কৰিবো দোহাৰ॥
এহি বুলি খাণ্ডা বাৰূ ধৰি সেহি ছেগে।
শ্ৰম কৰি পক্ষী যেন ধাইল মহাবেগে॥ ১৯৪
ঘোৰ নাদ তেজি অধে-উৰ্দ্ধে ফুৰে পাক।
বাৰূতে লুকায় কায় নাকলিয় তাক॥
প্ৰহাৰিবে লাগি ছিদ্ৰ চাহে মহাসুৰ।
বোলা হৰি হৰি পাপ হোক মষিমূৰ॥ ১৯৫

অষ্টাদশ কীৰ্ত্তন

ঘোষা॥ হৰি ৰাম মুকুন্দ মুৰাৰি মোৰ গতি।
 কৃষ্ণ কৃপা কৰা প্ৰভু ত্ৰাহি ৰঘুপতি॥


পদ॥ দানৱ ফুৰন্তে যেৱে আছে।
  দেখি খঙ্গে নৰসিংহে পাছে॥


পা ঘোষা ১৮ : প্ৰভু ত্ৰাহি - মোক প্ৰভু