পৃষ্ঠা:Kirtan Ghosha.pdf/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

শুনিয়া হিৰণ্য বোলে বচন।
জানিলো তোৰ মৰিবাক মন॥
মোক বিকৰ্থস অৰে বৰ্ব্বৰ।
মোত পৰে আছে আউৰ ঈশ্বৰ॥১৭৯
পেহলাইবো কাটি তোক খাণ্ডা ধৰি।
দেখো কেনমতে ৰাখন্ত হৰি॥
হৰিসে যদি জগতৰ ঈশ।
কৈত আছে তাৰ কহ উদ্দিশ॥ ১৮০
শুনিয়া প্ৰহ্লাদে বোলয় বাণী।
ব্যাপক বিভু প্ৰভু চক্ৰপাণি॥
সৱাতো আছন্ত জগত-স্বামী।
স্ফটিকৰ তম্ভে দেখোহো আমি॥১৮১
শুনি দৈত্যপতি দান্ত কামুৰি।
ডাবৰ খড়গ লৈল আঞ্জুৰি॥
আসনৰ হন্তে আটোপে উঠি।
ভাঙ্গিল তম্ভত হানিয়া মুঠি॥১৮২
তম্ভৰ ভিতৰে শুনিল নাদ।
প্ৰলয়-মেঘৰ যেন সম্বাদ॥
ফুটিল কটাহ লৈ বিস্ময়।
ত্ৰিদশে বোলন্ত মিলে প্ৰলয়॥১৮৩