পৃষ্ঠা:Kirtan Ghosha.pdf/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৬]
১০৯
প্ৰহ্লাদ-চৰিত্ৰ

ত্ৰিদশে কাম্পে দেখি মোৰ খঙ্গ।
কৰস কেনে তঞি আজ্ঞা-ভঙ্গ॥ ১৭৪
শুনিয়া প্ৰহ্লাদে বোলয় বাণী।
সৱাতো বৰ প্ৰভু চক্ৰপাণি।
আছোক তুমি আমি কোন জন।
ব্ৰহ্মা হৰে সেৱে যাৰ চৰণ॥ ১৭৫
তেহেন্তে পৰম ঈশ্বৰ দেৱ॥
বিষ্ণুত পৰে আন নাহি কেৱ।
আপুন মায়াৰ বলে অনন্তে।
স্ৰজন্ত পালন্ত সংহৰে অন্তে॥ ১৭৬
জানি পিতৃ এড়া অসুৰ-কাম।
আপুন মন কৰা উপশাম॥
শত্ৰু মিত্ৰ সৱ কৰিয়ো সম।
এহিসে কৃষ্ণৰ ভক্তি উত্তম॥ ১৭৭
নিজিনি শৰীৰৰ শত্ৰুচয়।
জিনিলো দশোদিশ হেন কয়॥
জানিয়া পিতৃ এড়া অহঙ্কাৰ।
ভজিয়ো কৃষ্ণক কহিলো সাৰ॥ ১৭৮


পা* ১৭৫॥ ব্ৰহ্মা হৰে-ব্ৰহ্মা আদি [ব্ৰহ্মাদয়ো-ভাগৱত ৭।৮।৮ ১৭৭। মন-কাম