পৃষ্ঠা:Kirtan Ghosha.pdf/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

লৈয়া উপদেশ মাধৱক আৰাধিব।
যতেক সুকৃত মানে কৃষ্ণতে অৰ্পিব॥
কৃষ্ণ-কথা-শ্ৰৱণত শুদ্ধ হৈব মন।
সৰ্ব্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্ত্তন॥ ১৬১

কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।
আছন্ত ঈশ্বৰ হৰি সমস্তে ভুতত॥
হেন জানি প্ৰাণীক কৰিবা সতকাৰ।
তেৱেসে কৃষ্ণত ৰতি হৈবেক তোমাৰ॥ ১৬২

হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস।
আপুনি লৈবন্ত হৰি হৃদয়ত বাস॥
আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়।
তাঙ্ক এড়ি সামান্যক সেৱে দুৰাশয়॥ ১৬৩

ধন জন প্ৰাণ পুত্ৰ যত পৰিয়াৰ।
সমস্তে অবস্তু অণুমাত্ৰো নুহি সাৰ॥
হেন অনুমানি মাধৱত কৰা ৰতি।
ইহ পৰলোকে হৰি-চৰণেসে গতি॥১৬৪
নলাগে ভক্তিতে দেৱ দ্বিজ ঋষি হুইবে।
নলাগে সম্ভূত শাস্ত্ৰ বিস্তৰ জানিবে॥


পা ১৬১ ৷৷ সুকৃত-সুকৃতি [ সৰ্বলবধাৰ্পণেন--ভাগৱত ৭৷ ৭৷ ৩০,