পৃষ্ঠা:Kirtan Ghosha.pdf/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

আৰ অৰ্থে ব্যৰ্থে কেনে কৰা আয়ু পাত।
সৱাৰো হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত॥
হেন জানি অসুৰ-স্বভাৱ সৱে এড়ি।
সমস্ত প্ৰাণীক পূজা বিষ্ণু-বুদ্ধি কৰি॥ ১৪৪
তেৱেসে অল্পতে তুষ্ট হৈব নাৰায়ণে।
কোননো দুৰ্ল্লভ আছে হৰি সুপ্ৰসন্নে॥
হেন জানি বিষয়ত হুয়োক বিমুখ।
পশু শৰীৰতো পায় বিষয়ৰ সুখ॥ ১৪৫
বাল্য-ক্ৰীড়া এড়ি কৰা মাধৱক ধ্যান।
নাৰদৰ মুখত শুনিলো ইটো জ্ঞান॥
স্বৰূপ কহিলো নাহি ইহাত সংশয়।
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়॥ ১৪৬

চতুৰ্দ্দশ কীৰ্ত্তন

ঘোষা॥ নমো মধু-মুৰ-মথন ৰাম।
 সংসাৰ-তাপ কৰা উপশাম৷৷ ১৪

পদ ॥ শুনিয়া পাছে দৈত্য-শিশু-জাক।
 প্ৰহ্লাদক হেন বুলিল বাক৷৷
 অন্তেষপুৰে থাকি মহাভাগ।
 কিমতে পাইলা নাৰদক লাগ॥ ১৪৭