পৃষ্ঠা:Kirtan Ghosha.pdf/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১২]
৯৯
প্ৰহ্লাদ-চৰিত্ৰ

আছোক মৰিব  ভয় নুপজয়
 নেড়য় আমাৰ পাশ।
ইহাৰ বিৰোধে  জানিলো অৱশ্যে
 মোহোৰ হৈব বিনাশ॥ ১৩৩

দুৰন্ত চিন্তায়ে  শ্ৰী হানি ভৈল
 নমাইল মলিন মুখ।
পাছে শণ্ডামৰ্কে  বিৰলে বিনাৱে
 দৈত্যেন্দ্ৰৰ দেখি দুঃখ॥

প্ৰহ্ৰাদ-চৰিত্ৰ  ৰচিল শঙ্কৰে
 কৃষ্ণৰ কিঙ্কৰে এৱে।
বোলা হৰি হৰি  সংসাৰক তৰি
 বৈকুণ্ঠক যাইবা যেৱে॥ ১৩৪