পৃষ্ঠা:Kirtan Ghosha.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
খণ্ড ৬
কীৰ্ত্তন-ঘোষা

প্ৰহ্ৰাদ বৈষ্ণৱ ভৈলা আতি।
বিষ্ণুক চিন্তন্ত দিনে ৰাতি॥
ইন্দ্ৰিয়ক কৰিলা নিয়ম।
প্ৰাণীক দেখন্ত আত্মা-সম॥ ১০৫
ৰূপে গুণে বিদ্যাত পাৰ্গত।
নাহি গৰ্ব্ব তথাপি মনত॥
দুঃখতো উদ্বিগ্ন নুহি চিত্ত।
নাহি স্পৃহা সুখতো কিঞ্চিত॥ ১০৬
অসুৰ-স্বভাৱ এড়িলন্ত।
কাম জিনি ভৈল উপশান্ত॥
মহাবৈৰী হুয়া দেৱ-ঝাক।
সাধু বুলি বখানন্ত তাক॥ ১০৭
পাঞ্চ বৰিষতে মহামতি।
ক্ৰীড়া এড়ি কৰন্ত ভকতি॥
নিতান্তে হৰিক কৰে ধ্যান।
হৰি বিনে নেদেখন্ত আন॥ ১০৮
সদায়ে কৃষ্ণৰ গুণ কহে।
চিত্তত ধৰিল কৃষ্ণ-গ্ৰাহে॥
নেড়ে মনে গোৱিন্দৰ পাৱ।
কৃষ্ণত উপজে প্ৰেম-ভাৱ॥ ১০৯