পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কাব্য-কলি।

⸺০⸺


১⸻স্তোত্ৰ থুপি

⸺০⸺

(১)

হে প্ৰভু মঙ্গলময়!
 (মোৰ) শোক বেজাৰত থিত্ দিয়াঁ তুমি
 শান্ত্বনা ৰূপ লই,
 দুখ বিপদত ৰাখাঁহি আগচি
 ধৈৰ্য্য সীমনা হই।
 অমঙ্গল ছাঁয়া পৰেহি যেতিয়া
 মঙ্গল কাঁচলি ৰেঙ্গোৱাঁ তেতিয়া,
 তোমাৰ ৰদত তোমাৰেই ছাঁয়া
 তোমাতেই পায় লয়।

হে প্ৰভু মঙ্গলময়!
 পাপ যত মোৰ শক্তিৰে খন্দোৱাঁ
 হুলক কাঢ়াঁ হুলে,
 অপৰাধ দোষ ধুৱাই পেলোৱাঁ
 অনুতাপ চকু লোৰে৷