এসময়ত সমগ্ৰ অসম জুৰি শৈৱ, শাক্ত, বৈষ্ণৱ আৰু লোক-ধৰ্ম্মানুষ্ঠানৰ ভিতৰত মতদ্বৈধ ঘটিছিল। প্ৰত্যেকে নিজৰ নিজৰ ভাবাদৰ্শেৰে অনুপ্ৰাণিত হৈ ইটোৱে সিটোৰ ওপৰত প্ৰভাৱ বিস্তাৰত যত্নপৰ হৈছিল। ফলত সমাজৰ আবেগিক ঐক্য ব্যাহত হৈছিল। আনফালে গণ-মানসত কোনো ধৰ্ম্মীয় সামগ্ৰিক প্ৰচেষ্টা দেখা পোৱা নগৈছিল। স্ব স্ব সম্প্ৰদায়ৰ প্ৰতি থকা অন্ধ মোহ আৰু উদাৰ দৃষ্টি-ভঙ্গীৰ অভাৱেই আছিল এই প্ৰচেষ্টাৰ অন্তৰায়।
ডুবি পৰিহৰেশ্বৰ দেৱালয় তাৰ ব্যতিক্ৰম। এই ব্যতিক্ৰমেই ইয়াৰ স্বকীয় বৈশিষ্ট্য।
ডুবি পৰিহৰেশ্বৰ দেৱালয়ত লিঙ্গ বা শিৱ, দুৰ্গা বা শক্তি, কৃষ্ণ বা বিষ্ণুৰ উপাসনা হয়। তিনিওটা শক্তিৰ আনুষঙ্গিক পৰ্ববোৰ আছেই। আনকি লোক-উৎসৱবোৰকো দেৱালয়ৰ ভিতৰুৱা উৎসৱৰূপে কৰাটো প্ৰচলিত ৰীতি।
সৰ্ব্বোপৰি উক্ত আটাইকেইটা অনুষ্ঠানতে দেৱদাসীয়ে নৃত্য পৰিবেশন কৰিছিল। কোনোটো নাট-মন্দিৰত বেদীৰ দেৱতাৰ উদ্দেশি, কোনোটো বাহিৰ প্ৰাঙ্গণত গণ-দেৱতাৰ উদ্দেশি। পাৰমাৰ্থিক দিশটো বাদ দিলেও ডুবি দেৱালয়ৰ এই মিশ্ৰণ-সংস্কৃতিয়ে বজালীবাসীৰ গণ-মানসত নৈতিক সংহতি সৃষ্টিত বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। * * *