পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

॥ আগকথা ॥

 

 সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ‘পুৰণি পৃথিবীক নকৈ চাই’ লোৱাৰ হেপাহত ‘বীণ-বৰাগী’ক পুনৰ অতীত কাহিনী কীৰ্ত্তন কৰিবলৈ অনুৰোধ কৰিছিল। আজিৰ বিজ্ঞানৰ যুগত পৃথিবীৰ যি কোনো দেশৰ যি কোনো কীৰ্ত্তি-কথা লগে লগে জানিবলৈ সম্ভৱ হৈছে। ভবিষ্যতৰ কবিয়ে আজিৰ যুগৰ কীৰ্ত্তি-কাহিনী শুনাবলৈ কোনো বীণ-বৰাগীক অনুৰোধ কৰিবলগীয়া নহব।

 অৱশ্যে অতীতত তেনে কোনো সুবিধা নাছিল। প্ৰচাৰ, যাতা- য়াত, প্ৰাকৃতিক দুৰ্য্যোগ, ৰাজনৈতিক বিপৰ্য্যয় আদিত কত যে কীৰ্ত্তি- চিহ্ন নিঃচিহ্ন হৈ গৈছে, তাৰ নজিৰ পাবলৈ নোহোৱা হৈছে। কিংবদন্তি, বিদেশী পৰ্য্যটকৰ টোকা আৰু অনুমানৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক পণ্ডিতসকলে অতীত ধ্বংস-স্তূপৰ পৰা ধ্বংসাৱশেষ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। মহেঞ্জোদাৰো-হৰপ্পাৰ খনন কাৰ্য্যই বেদত বৰ্ণিত আৰ্য্যোত্তৰ সভ্যতাৰ অনেক তথ্য আমাক দিছে। চীন পৰিব্ৰাজক হিউৱেনচাঙৰ টোকাত উল্লেখিত নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ সৌ সিদিনা পুনৰ খান্দি উলিওৱা হৈছে। নৰকাসুৰ, বাণাসুৰ প্ৰভৃতি প্ৰাচীন কামৰূপৰ ৰজাসকলৰ কীৰ্ত্তি-চিহ্ন আজি বিস্মৃতিৰ গৰ্ভত। পৰৱৰ্ত্তী কোঁচ আৰু আহোম ৰজাসকলে নিৰ্ম্মাণ কৰা অধিক সংখ্যক দ’ল-দেৱালয় প্ৰাচীন ধ্বংসপ্ৰাপ্ত মন্দিৰৰ ওপৰতে পুনৰ নিৰ্ম্মাণ কৰা কাৰ্য্যই, অতীত অসমত দ’ল-দেৱালয়ৰ অস্তিত্বকে সমৰ্থন কৰে।