পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
দেৱালয়ৰ সাম্প্রতিক দিগদর্শন

 এই পৰিচালনা সমিতিৰ সভাপতি হ’ল স্থানীয় মহকুমাধিপতি। তেখেতৰ অসুবিধা হলে স্থানীয় উপ-প্ৰতিসমাহৰ্ত্তাই সভাপতিৰ কাম চলায়। দলৈজন সমিতিৰ প্ৰধান সম্পাদক। সুকীয়া ধনভঁৰালী নাই। দেৱালয়ৰ টকা-পইচা সম্পাদকৰ নামত বেঙ্কত জমা ৰখা হয়।

 সাতজনীয়া কমিটী এখনেৰে দেৱালয় পৰিচালনা সমিতি গঠন কৰা হয়। সভাপতি আৰু সম্পাদকৰ বাহিৰে সকলোবোৰ সদস্য ভোটৰ দ্বাৰা নিৰ্ব্বাচিত হয়।

 বিগ্ৰহৰ পূজাৰ বাবে এজন পূজাৰী, ভোগ আদি ৰান্ধিবলৈ এজন সুপকাৰ তাৰু আন কামৰ বাবে এজন পৰিচাৰক বা আঠ- পৰীয়া আছে। তেওঁলোকক দেৱালয়ৰ পৰা নিয়মীয়াকৈ বেতন দিয়া হয়।

উক্ত পৰিচালনা সমিতিয়ে পৰম্পৰাভাৱে চলি অহা পূজা আৰু আন আন উৎসৱ-পাৰ্ব্বণো পৰিচালনা কৰি আহিছে।

 এইবোৰ উদ্দেশ্যত (পূজা-সেৱা, উৎসৱ আদিৰ বাবে) চৰকাৰৰ তৰফৰ পৰা বছৰেকীয়া ৫,৮২৪.০০ (পাঁচ হাজাৰ আঠশ, চৌবিশ) টকাৰ মঞ্জুৰী এটি দিয়ে।