পুতুল দাস, প্ৰমদা দেৱী, কামিনী তালুকদাৰ, গায়ত্ৰী চৌধুৰী, চন্দ্ৰ চৌধুৰী, কানন দাস। বাদ্যত— ভোলা চৌধুৰী, ৺চন্দ্ৰ শৰ্ম্মা, প্ৰবীণ শৰ্ম্মা, দ্বিজেন্দ্ৰলাল দাস, ৰমেশ তালুকদাৰ, গিৰীশ তালুকদাৰ, ৺হেমন্ত শৰ্ম্মা প্ৰভৃতি।
মৰহা পাপৰি : দেৱদাসী কৌশল্যা
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে স্বৰ্গনটী উৰ্ব্বশীক উদ্দেশি কৈছিল— ‘নহ মাতা, নহ কন্যা, নহ বধু, সুন্দৰী ৰূপসী’ বুলি। তাৰ উপৰি উৰ্ব্বশী ‘অনন্ত যৌৱনা’। দেৱদাসীৰ দৰে মাতৃপ্ৰধান সমাজ এখনত কৌশল্যা বালা মাতা, কন্যা কিম্বা বধূৰূপে পৰিচিত নহয়। দেৱালয়ৰ নটী⸺ দেৱতা বেদীৰ নিবেদিতা দেৱদাসীয়ে আছিল তেওঁৰ পৰিচয়।
কৌশল্যা বালাৰ লগত আমাৰ সাক্ষাৎ ঘটিছিল। দেৱদাসী নৃত্য সম্বন্ধে বিতংভাৱে আলোচনাও হৈছিল। পাঠশালাত কলাগুৰু ৰাভাদেৱৰ উপস্থিতিত এবাৰ নচাও দেখিছিলোঁ। সম্ভৱতঃ সেই নাচোনেই আছিল তেওঁৰ শেষ নাচোন। কৈশোৰ কালতে ‘নটী মই, নাচি নাচি দেৱতাৰ লভিম কৰুণা’ বুলি চৰম আত্ম-প্ৰত্যয় এটি লৈ স্বামী-পুত্ৰ সমন্বিতে ভবিষ্যতৰ সুখৰ সংসাৰৰ বাসনা পৰিহাৰ কৰি দেৱতাৰ দাসীত পৰিণত হ'ল।
আন আন সঙ্গিনীসকলৰ সৈতে তেৱোঁ দেৱতাৰ সন্তুষ্টিৰ অৰ্থে নাচিছিল— দুপৰীয়া, সন্ধিয়া দুয়ো বেলাই নাচিছিল। দুপৰীয়া পূজাৰ সময়ত, সন্ধিয়া আৰতিৰ সময়ত। তাৰ বাহিৰেও মাঘবিহু, বহাগবিহু, জন্মাষ্টমী, দুৰ্গাপূজা এইবোৰ পৰ্ব্বতো নাচিছিল। দুপৰীয়া আৰু সন্ধিয়াৰ নৃত্য হৈছিল নাটমন্দিৰৰ ভিতৰত। আন পৰ্ব্ব-
- সম্প্ৰতি গুৱাহাটীৰ ‘নিউ আৰ্টছ প্লেয়াৰ্ছ’ নামৰ সাংস্কৃতিক দলটোৱে ভাৰতৰ বিভিন্ন ঠাইত অসমৰ আন আন থলুৱা গীত-নাচৰ লগতে দেৱদাসী নৃত্যও পৰিবেশন কৰি প্ৰশংসা লাভ কৰিছে। —লিখক।