পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত

তেওঁলোকে হাতে-কাণে যিমান পাৰে সিমান সোণ-ৰূপৰ অলঙ্কাৰ আঁৰিছিল; গলপতা, গল-মাদুলী, শুধ সোণৰ কাণৰ সোণা (তিনি তোলা পৰ্য্যান্ত গধুৰ), নাকফুল, ৰূপৰ এচটা কৰধ্বনি, হাতত মুঠি, বাহুত বাজু, হাত-ভৰিৰ আঙুলিত, ভৰিৰ সৰু গাঁঠিত ভৰি-খাৰু।”

 

নৃত্যৰ ভাগ

 দুপৰীয়া পূজাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত একেখন তালৰ নৃত্য পৰিবেশন কৰা হৈছিল। মন্দিৰৰ বাহিৰত আন অনুষ্ঠান উপলক্ষে প্ৰদৰ্শন কৰা নৃত্যটো বেলেগ আছিল। মুঠতে মন্দিৰৰ ভিতৰত নৃত্য আৰু বাহিৰৰ নৃত্য দুই ৰকমৰ তালবিশিষ্ট দুটা সুকীয়া নাচ। এসময়ত ভাৰতৰ অন্য ৰাজ্যতো দেৱদাসীৰ দুই ৰকমৰ নাচ প্ৰচলিত আছিল। দক্ষিণ ভাৰতত বিশেষকৈ ত্ৰিবাঙ্কুৰ ৰাজ্যৰ মন্দিৰৰ দেৱদাসীসকলো দুই ভাগে বিভক্ত আছিল। মন্দিৰৰ দেৱদাসীসকলক ‘কুৰাকুদ্দি’ আৰু অকল বাহিৰৰ উৎসৱ আদিত নচা দেৱদাসীসকলক ‘চিবাপুকুকটি বোলা হৈছিল। সম্প্ৰতি ডুবিৰ দেৱালয়ৰ যিটো নৃত্য উদ্ধাৰ কৰি দেৱদাসী নৃত্যৰূপে প্ৰদৰ্শন কৰা হৈছে, সেইটো দৰাচলতে বাহিৰত দেখুওৱা দ্বিতীয় বিধ নাচৰ সংক্ষিপ্ত ৰূপ। * (১)

 

বৰ্ত্তমান দেখুওৱা নাচটো : ভাবাৰ্থ

 এই নৃত্যটোৰ লগত কোনো গীতৰ ব্যৱস্থা নাই। সমগ্ৰ নাচটোৱেই এটা মুহূৰ্ত্তৰ অভিব্যক্তি। ভঙ্গিমা আৰু মুদ্ৰাৰ জৰিয়তে নৃত্যৰ ভাব, বিষয়বস্তু আৰু লক্ষণ বুজোৱা হয়। বৰ্ত্তমানে উদ্ধাৰ পোৱা নাচটোৰ ভাবাৰ্থ কলাগুৰু বিষ্ণু ৰাভাদেৱে বাখ্যা কৰামতে এনে ধৰণৰ⸺ দেৱদাসীসকলে মন্দিৰৰ ওচৰৰ কোনো খট-খটী থকা


  • (১) বৰ্তমানে জীয়াই থকা ডুবিৰ দেৱালয়ৰ তৎকালীন খোলবাদক শ্ৰীলোহিত ৰাম বায়নৰ মন্তব্যৰ পৰা দিয়া হৈছে।