পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত

ভাৰতত দেৱদাসী প্ৰথা

 

 এচাম পণ্ডিতে ভাৰতৰ দ্ৰাৱিড়সকল ভূমধ্যসাগৰীয় অঞ্চলৰ পৰা অহা বুলি কয়। ডঃ হট্টনৰ মতে এই দ্ৰাৱিড়সকলেই দেৱদাসী প্ৰথা ভাৰতলৈ বহন কৰি আনে। দ্ৰাৱিড়সকলৰ পূজাৰ দেৱতাও শিৱ আছিল। পৰৱৰ্ত্তী যুগত আৰ্য্যসকলে শিৱক আৰ্যীকৰণ কৰি ব্ৰহ্মা-বিষ্ণুৰ পৰ্য্যায়ত স্থান দিয়ে। এনে সূত্ৰতে দেৱদাসী প্ৰথাও দ্ৰাৱিড়সকলৰ জৰিয়তে আৰ্য্য বা হিন্দুসকলৰ উপাসনা মন্দিৰত সোমাই পৰে।

 যদিও বিজ্ঞানসন্মত আলোচনা হোৱা নাই, তথাপি অতীজৰে পৰা ভাৰতৰ দেৱালয় বা মন্দিৰবোৰত দেৱদাসী নিয়োগ প্ৰথা ব্যাপকভাৱে প্ৰচলিত আছিল বুলি নিঃসন্দেহে কব পাৰি। এই ক্ষেত্ৰত কেইটামান উদাহৰণ বিশেষ উল্লেখনীয়ঃ

 ৰামগড়ত পোৱা সম্ৰাট অশোকৰ শিলালিপিত ‘সুতনুকা' নামে এজনী দেৱদাসীৰ উল্লেখ আছে। কৌটিল্যৰ অৰ্থ-শাস্ত্ৰটো মন্দিৰত দেৱদাসী নিয়োগৰ কথা পোৱা যায়। সাহিত্যত দেৱদাসী প্ৰথাৰ প্ৰথম উল্লেখ পোৱা যায় মহাকবি কালিদাসৰ ‘মেঘদূত’ত। ‘মেঘদূত’ৰ দুটা শ্লোকত কোৱা হৈছে যে, উজ্জয়িনীৰ মহাকাল মন্দিৰ প্ৰতিদিন সন্ধিয়া নৃত্যৰতা দেৱদাসীৰ নূপুৰৰ ধ্বনিত মুখৰিত হৈ উঠিছিল। খৃষ্টীয় সপ্তম শতিকাৰ শেষভাগত ভাৰতৰ প্ৰায় সকলোতে এই প্ৰথাৰ বহুল প্ৰচলন আছিল। সেই সময়ত ৰচিত বেছিভাগ পুৰাণতে দেৱদাসী নিয়োগৰ বিশেষ উল্লেখ আছে। ‘পদ্মপুৰাণ’ত কোৱা হৈছে, যি ৰজাই সুন্দৰী গণিকাসকলক কিনি আনি দেৱতাৰ উদ্দেশ্যে দেৱালয়ত দান কৰে, তেওঁ কল্পকাল স্বৰ্গবাসৰ পুণ্যফল লাভ কৰিবলৈ সমৰ্থ হয়। ‘ভবিষ্য-পুৰাণ’ৰ মতে যিয়ে ভক্তিভাৱে সূৰ্যদেৱতাৰ উদ্দেশ্যে গণিকা দান কৰে, তেওঁ পৰম্পদ সূৰ্য্যলোকলৈ গমন কৰে। এই পুণ্যলাভৰ আশাত ধনী লোকসকলে ৰূপহী