এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাট-মন্দিৰৰ ভিতৰে বাহিৰে
দেৱদাসী সম্প্ৰদায়ৰ পৰম্পৰা
দেৱদাসী সম্প্ৰদায়ৰ মূল উৎস ক’ত সঠিককৈ কোৱা টান যদিও প্ৰাচীন ভূমধ্যসাগৰীয় অঞ্চলৰ পৰা দেৱদাসী প্ৰথা ভাৰতলৈ অহা বুলি অনুভৱ হয়। বিভিন্ন তথ্য-পাতিৰ দ্বাৰা এসময়ত ভাৰতৰ বাহিৰতো দেৱদাসী বা মন্দিৰত নাচিবলৈ ছোৱালী নিয়োগ প্ৰমাণ পোৱা যায়। আৰ্মেনিয়াত ছোৱালী বিয়া দিয়াৰ আগতে মন্দিৰত দেৱতাৰ সেৱাত নিযুক্ত হৈছিল। ইজিপ্তৰ তাছবিছ আৰু আইছিছৰ মন্দিৰ কিশোৰী নৰ্ত্তকীৰে ভৰি আছিল। গ্ৰীছৰ কৰিল্থিছত হাজাৰ হাজাৰ নাৰীয়ে ভেনাচৰ সেৱাত নিজকে উচৰ্গা কৰিছিল আৰু অৰ্থলাভৰ বাবে দেহ বিক্ৰী কৰিছিল। * (১) হিব্ৰু আৰু বেবি- লিয়ানসকলৰ ভিতৰতো এই প্ৰথাৰ বহুল প্ৰচলন আছিল। মন কৰিবলগা কথা যে, এই আটাইবোৰ ঠাই ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত।
- (১) টকাৰ বিনিময়ত আত্মদান কৰাটো প্ৰথমে আছিল এটা ধৰ্ম্মীয় অনুষ্ঠান। ঘটিছিল প্ৰণয়বেদীত, দেৱমন্দিৰত আৰু প্ৰথমে টকা-কড়ি জমা হৈছিল মন্দিৰৰ তহবিলত।••••••••• প্ৰথমে এই ধৰ্ম্মীয় আত্মদান সকলো তিৰোতাই কৰিব লাগিছিল। পিচত মন্দিৰৰ পূজাৰিণীসকলেহে বাকী সকলোৰে হৈ এই কাজ কৰিছিল। (পৰিবাৰ, ব্যক্তিগত মালিকী আৰু ৰাষ্ট্ৰৰ উৎপত্তি : এঞ্জেলছ)