পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত

 মুছলমান সম্প্ৰদায়ৰ পৰাও এজন পাইক লোৱা হৈছিল। আন পাইকৰ দৰে এওঁলোকেও দেৱালয়ৰ মাটি ভোগ কৰাৰ সুবিধা পাইছিল।

 উল্লেখিত সকলো ফৈদকে দেৱালয়ৰ কামত সহায় কৰি দিয়া বাবদ আধা খাজনাতে দেৱালয়ৰ মাটি ভোগ কৰিবলৈ দিয়া হৈছিল। দেৱদাসী আৰু গায়ন-বায়নে ৰাজহ কৰ্ত্তন পাইছিল। অৱশ্যে স্থানীয় কৰখিনি দিব লাগিছিল।