১। মালী— বিগ্ৰহৰ দৈনন্দিন পূজাত এওঁলোকে মালা, ফুল আদি যোগান ধৰিব লাগিছিল।
২। আঠপৰীয়া— দেৱালয়ৰ ঘৰ-দুৱাৰ সৰা-মচা, চৌহদ পৰিষ্কাৰে ৰখা, পূজাৰ যা-যোগাৰ কৰা, এওঁলোকৰ কাম আছিল। তদুপৰি, অষ্টপ্ৰহৰে দেৱালয় পহৰা দিব লাগিছিল। কেতিয়াবা কিবা আশঙ্কা দেখিলে ওচৰ-চুবুৰীয়াক জান দিয়াৰ বাবে জয়ঢাক বজাই দিছিল।
৩৷ ভঁৰালী— দেৱালয়ৰ ভঁৰাল ৰক্ষা কৰা ভঁৰালীৰ কৰ্ত্তব্য। আগৰ কালত মুদ্ৰাৰ প্ৰচলন পৰ্য্যাপ্ত পৰিমাণে নথকাত মানুহে টকা-পইচাৰ সলনি বস্তু-বাহানিহে আগ বঢ়াইছিল। গতিকে সেইবোৰ থবলৈ সুকীয়া ভঁৰাল আৰু ভঁৰালীৰ ব্যৱস্থা আছিল। ভঁৰালীয়ে নিজে মানুহৰ ঘৰে ঘৰে গৈ বস্তুবোৰ সংগ্ৰহ কৰি ভঁৰালত জমা ৰাখিছিল।
(৪)পাইক :⸺ দলৈৰ নিৰ্দ্দেশমতে দেৱালয়ৰ কাম কৰিছিল।
ইয়াৰ উপৰি দলৈয়ে ক'ৰবালৈ যাবলগীয়া হলে, লগত নিয়াৰ বাবে আৰু পাইক চলোৱা, দলৈৰ কাম-কাজ কৰা কামৰ কাৰণে ক্ৰমে চিকদাৰ আৰু ঠাকুৰীয়া দলৈ গৰাকীয়ে নিজাকৈ নিয়োগ কৰিব পাৰিছিল। চিকদাৰ আৰু ঠাকুৰীয়া ভঁৰালী আদি ফৈদৰ পৰা লোৱা হৈছিল।
দেৱালয়ৰ কিছুমান নিৰ্দিষ্ট কামত মুছলমান সম্প্ৰদায়ৰ লোকো নিয়োজিত হৈছিল। এওঁলোক অসমীয়া গৰীয়া মুছলমান। শিৱসিংহ ৰজাই কোনো মুছলমান লোক দিয়া কথা পোৱা নাযায়। খুব সম্ভৱ পৰৱৰ্ত্তী কালত এওঁলোকৰ দেৱালয়ৰ প্ৰতি শ্ৰদ্ধা আৰু আগ্ৰহ অনুভৱ কৰি কোনো উদাৰমনা দলৈয়ে তেওঁলোকক দেয়ালয়ৰ বাহিৰা কামত সহায় কৰিবলৈ অনুমতি দিছিল আৰু পিচত গৈ ইয়ে পৰম্পৰাত পৰিণত হৈছিল।