পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
ডুবি দেৱালয় : অতীত আৰু বৰ্ত্তমান

দুৰ্গাপূজাত বলি দিয়া প্ৰথা আছে। কিছু বছৰ আগলৈকে কোনোবাই মানস কৰিলে ম’হ বলি দিয়া হৈছিল। কিংবদন্তি আছে— এসময়ত পৰিহৰেশ্বৰ দেৱালয়ত দুৰ্গাপূজাৰ সময়ত নৰবলিও দিয়া হৈছিল। অৱশ্যে এই কাম অনুষ্ঠিত হৈছিল অতি গোপনে দোভাগ নিশা। এই কথাৰ সত্যতা কিমানখিনি জনা নাযায়। এসময়ত অসমৰ কেবাটাও মন্দিৰত নৰবলি হোৱা কথা বুৰঞ্জীয়ে স্বীকাৰ কৰে। আজিও ভাৰতৰ বিভিন্ন ঠাইত তান্ত্ৰিক আৰু অন্ধবিশ্বাসীসকলে গোপনে মানুহ বলি দিয়া কথা শুনা যায়। এটা লক্ষ্যণীয় বিষয় এই যে, আজিও দেৱালয়ত ‘অৰ্দ্ধৰাত্ৰিৰ বলি’ শুদ্ধ কলা পঠা- ছাগলী মাজৰাতি গোসাঁনীৰ আগত বলি দিয়া হয়।

 

আন আন পৰ্ব

 দেৱালয়ৰ আনুষঙ্গিক পূজা হিচাবে দুৰ্গাপূজাৰ লগতে জন্মাষ্টমী, শিৱৰাত্ৰি, দৌল, আহিন-কাতি মাহৰ সংক্ৰান্তি আদি পৰ্ববোৰ পালন কৰা হয়। স্থানীয় ৰাইজে দেৱালয়ত ৰঙালী বিহু বিশেষ উলহ-মালহেৰে যাপন কৰে। ৰঙালী বিহুত পাউৰাতোলা (ভঠেলী) এটা আকৰ্ষণীয় অনুষ্ঠান।

 মন্দিৰৰ বিগ্ৰহৰ সন্মুখত নচাৰ উপৰিও দেৱদাসীসকলে উক্ত উৎসৱ-পৰ্ববোৰতো নাচিব লাগিছিল। অৱশ্যে এই নাচ নাট্য- মন্দিৰত নহৈ বাহিৰ-প্ৰাঙ্গণত হৈছিল।

 

নাট-মন্দিৰ : আন আন ঘৰ আদি

 নাট-মন্দিৰটো পূৰ্ব্বতে খেৰী আছিল। ইংৰাজ আমোলত অনুমান ৬০ বছৰমান আগতে টিনেৰে নিৰ্ম্মাণ কৰা হয়। এই ঘৰটো জৰাজীৰ্ণ হোৱাত সেই একে ভেটিতে নতুনকৈ নিৰ্ম্মাণ কৰা হৈছে। বৰ্ত্তমানে নাট-মন্দিৰৰ গাতে লগাকৈ ৫৫ ফুট ওখ দ’লটো সাজিবলৈ লোৱা হৈছে। — ই অৰ্দ্ধনিৰ্ম্মাণৰ পথত।