মন্দিৰত আৰু অনেক মূৰ্ত্তি আৰু শালগ্ৰাম আছে। সেইবোৰ পৰৱৰ্ত্তী কালত আহি লগলগা। আগতে সাধাৰণতে ব্ৰাহ্মণ মানুহৰ ঘৰে ঘৰে একোটা গোসাঁইঘৰ আছিল। (আজি-কালিও কিছুমানৰ আছে।) কেতিয়াবা কোনো কাৰণত গোসাঁইৰ পূজা-পাতল কৰা মানুহৰ অভাৱ হলে দেৱ-ৰোষৰ ভয়ত বিগ্ৰহবোৰ কোনো উমৈহতীয়া দেৱালয় বা মন্দিৰত থৈ আহিছিল। মন্দিৰৰ পূজাৰীয়ে মূল বিগ্ৰহৰ লগতে এইবোৰকো পূজা দিয়ে। এনে কাৰণতে পৰিহৰেশ্বৰ দেৱালয়ত নানা বিধৰ দেৱ-মূৰ্ত্তি দেখা যায়।
বিগ্ৰহৰ পূজা :
পৰিহৰেশ্বৰ দেৱালয়ত শিৱ, দুৰ্গা আৰু বিষ্ণু তিনিওগৰাকী দেৱতাৰ পূজা হয়। পূজাৰ ভোগ তিনিওগৰাকীকে বেলেগে বেলেগে দিয়া হয়। ৰজাৰ দিনত হেনো নিতে এঘাৰ সেৰকৈ ভোগ দিয়া হৈছিল। সামিষ, নিৰামিষ এই দুই প্ৰকাৰৰ ভোগ দিয়াৰ পদ্ধতি আছে। বিষ্ণুৰ ভোগ নিৰামিষ আৰু শিৱ-দুৰ্গাৰ ভোগ সামিষ। খাহি মুচৰি মাৰি এই সামিষ ভোগ তৈয়াৰ কৰা হয়। ‘শিৱপূজাত ছাগলিৰ ভোগ বলি অসমৰ শৈৱধৰ্ম্মৰ এটি উল্লেখনীয়’। (ডঃ বিৰিঞ্চি বৰুৱা) কাৰোবাৰ মানস থাকিলে বলি দিও সামিষ ভোগ আগবঢ়ায়।
ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গামূৰ্ত্তি দান দি দেৱালয়ত সাৰ্ব্বজনীন দুৰ্গাপূজাৰ প্ৰচলন কৰিলে। তথাপি মন কৰিব লগা কথা, দুৰ্গা পূজা উপলক্ষে কোনো মাটিৰ প্ৰতিমা নিৰ্ম্মাণ কৰা নহয়। এটি বাঁহ জকা সাজি তাত ৰঙা কাপোৰ মেৰিয়াই দুৰ্গাৰ প্ৰতিকৃতি কৰা হয়। সেইটোকে সন্মুখত ৰাখি নৱ-পত্ৰিকাৰ * দ্বাৰা ঘট প্ৰতিষ্ঠা কৰি পূজা কৰা ৰীতি। দুৰ্গাপূজাৰ মণ্ডপ মন্দিৰৰ পশ্চিম ফালৰ বাহিৰ-প্ৰাঙ্গণৰ এটুকুৰা নিৰ্দিষ্ট স্থানত পতা হয়।
- নৱপত্ৰিকা— কচুগছ, ধানগছ, হালধি গছ, কলগছ আৰু পঞ্চপল্লৱ (অৰ্থাৎ— আম, অশ্বথ, বট, কঠাল আৰু বকুল।)