ডুবিৰ লোকে কামৰূপীয় উপভাষাৰ অন্তৰ্গত বজালীৰ কথ্য ভাষাকে কয়। তথাপি তেওঁলোকৰ বহুতৰে (বিশেষকৈ মহিলা- সকলৰ ভিতৰত) উচ্চাৰণত ধ্বনিগত পাৰ্থক্য এটা লক্ষ্য কৰা যায়। অনুমান হয়, তেওঁলোকৰ একে সম্প্ৰদায়ৰ লোক ইয়াত যথেষ্ট নথকাত স্বাভাৱিকতে বিয়া-বাৰুৰ সস্পৰ্ক দূৰ ঠাইৰ সৈতে ঘটে। আৰু এই সূত্ৰতে সেইবোৰ অঞ্চলৰ ভিন ভিন ধ্বনি আহি এটা মিশ্ৰিত ধ্বনিযুক্ত ভাষা গঢ়ি উঠিছে।
সাংস্কৃতিক দিশত ডুবিত পঞ্জীভুক্ত জ্ঞানদায়িনী পুথিভঁৰাল এটি স্থাপিত হৈছে। ‘বজালী প্ৰগতি সংঘ’ৰ পৰিচালনাত দেৱালয়ৰ চৌহদতে ‘নাৰীমঙ্গল-শিশুকল্যাণ’ কেন্দ্ৰ এটিও হৈছে। এই কেন্দ্ৰৰ জৰিয়তে কণ কণ ল’ৰা-ছোৱালীক দিয়াৰ বাবে প্ৰাক্- প্ৰাথমিক বিদ্যালয় এখনো চলি আছে।
বুঢ়া গোসাঁইৰ ঘৰ
পৰিহৰেশ্বৰ দেৱালয়খন কিন্তু স্থানীয় ৰাইজৰ মাজত ‘বুঢ়া গোসাঁইৰ ঘৰ’ বুলিহে জানাজাত। বুঢ়া-মেথা বা গাৱঁৰ জীয়াৰী- বোৱাৰীসকলে আজিও ‘বুঢ়া গোসাঁইৰ ঘৰলৈ যাওঁ’ বুলিহে কয়।
অসমৰ আন আন ঠাইতো বুঢ়া গোসাঁইৰ থান দেখা যায়। কিন্তু মন কৰিবলগীয়া কথা— প্ৰতিখন বুঢ়াৰ থানৰ ওচৰতে একোখন বুঢ়ীৰ থানো আছে। ডুবিৰ বুঢ়া গোসাঁই শিৱলিঙ্গৰ লগতো বুঢ়ী গোসাঁনী বা যোনিপীঠ আছে। এই মিলনে শৈৱ-শক্তিৰ মিলনকে সূচায়। এগৰাকী পণ্ডিতে বুঢ়া গোসাঁইৰ থানবোৰকে ‘কালিকা- পূৰাণত ইঙ্গিত দিয়া শিৱৰ অজ্ঞাত বাসৰ ঠাই’ বুলি অনুমান কৰে।
এই অনুমানৰ ওপৰত ভেজা দি আমি বোধহয় এটা সিদ্ধান্ত ল’ব পাৰোঁ যে এসময়ত শাক্তধৰ্ম্মৰ প্ৰভাৱত টিকিব নোৱাৰি, অসমৰ প্ৰাচীন শৈৱধৰ্ম্ম কেবাশ বছৰৰ বাবে আত্মগোপন কৰি থাকিবলগীয়া