ওচৰেদি ‘পুষ্পভদ্ৰা’ নামৰ নদী এখন বৈ যোৱাৰ চিন আছে। দৰাচলতে ই পুৰণি কালদিয়া নদীৰ মৰা সুঁঁতি। খৃঃ সপ্তদশ শতিকাত এই সুঁতিটো ডুবিৰ কাষেৰে গৈ উপৰনৈত কালদিয়া নদীৰ লগত মিলিছিলগৈ। চৰকাৰৰ ৰেভিনিউ বিভাগৰ ১৮৮৪ চনৰ আগৰ পিয়লৰ নক্সাৰ পৰা এই কথা জনা যায়।
দেৱালয়ৰ উপৰিও, ডুবিৰ আশে-পাশে কেবাটাও পুৰণি পুখুৰী আছে।
ডুবি অঞ্চলটো বৈৰাপাৰা, নটপাৰা, কোছপাৰা, নপাৰা, দঙাৰ- পাৰা, মাজৰচুপা, মুছলমানপাৰা আদি কেবাটাও ভাগত বিভক্ত। অধিবাসীসকলো কেবাটাও সম্প্ৰদায়ৰ সমষ্টি। তাৰ ভিতৰত ব্ৰাহ্মণ, গায়ন-বায়ন, নট, মালাকাৰ, ভঁড়ালী, সূত, কুমাৰ, হীৰা, মুছল- মান প্ৰধান। এওঁলোকৰ বেছিভাগেই ৰজাদিনীয়া।
প্ৰায়বোৰ লোকৰে জীৱিকাৰ উপায় কৃষি। নিচেই কম সংখ্যকেহে ব্যৱসায় বা চাকৰি কৰে। অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত পিচ পৰাও ইয়াৰ অন্যতম কাৰণ। বৰ্ত্তমানলৈ ইয়াত দুখন প্ৰাথ- মিক বিদ্যালয় (এখন মালিপাৰাত, এখন ডুবিত) আছে। আন কোনো শিক্ষানুষ্ঠান নাই। কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ‘গণকপুখুৰী’ মজলীয়া বিদ্যালয়ত পঢ়ে। মাধ্যমিক শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, পাঠশালা ছোৱালী মাধ্যমিক বিদ্যালয়, জালিখাটাৰ দক্ষিণ বজালী মাধ্যমিক বিদ্যালয় আদিলৈ যায়।
বৰ্ত্তমান দেশৰ ঠায়ে ঠায়ে ধৰ্ম্মানুষ্ঠানবোৰক কেন্দ্ৰ কৰি অলেখ শিল্প, উদ্যোগ আৰু শিক্ষানুষ্ঠান গঢ় লৈছে। আনকি তেনে একোটা ধৰ্ম্মানুষ্ঠান গৈ সৰু বিশ্ববিদ্যালয়ত পৰিণতো হৈ পৰিছে। আশা কৰা যায়, ডুবি দেৱালয়ক কেন্দ্ৰ কৰিও শিক্ষা-সংস্কৃতিৰ প্ৰতিষ্ঠান গঢ়ি উঠিব আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰত অঞ্চলটোৰ উত্তৰ-পুৰুষসকলে ন-পোহৰৰ সন্ধান পাব।