অনুমান হয়। হয়তো সেই স্থান ডুবিৰে আশে পাশে আছিল আৰু দান গ্ৰহণ কৰোঁতা ব্যক্তিজনো এই অঞ্চলৰে অধিবাসী হব পাৰে। জন প্ৰবাদ মতেও পৰিহৰেশ্বৰ দেৱালয় ৰজা ভাস্কৰবৰ্ম্মাৰ সময়ৰে। তেতিয়া হলে ডুবি-স্থানৰ গুৰুত্ব ভূতিবৰ্ম্মাৰ সময়ৰেপৰা আছে। সম্ভৱতঃ ভাস্কৰবৰ্ম্মাই ইয়াত এটি শিৱমন্দিৰো স্থাপন কৰি দিয়ে।
শিৱপূজা অসমত ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা চলি আহিছে। দৰাচলতে শিৱ আৰ্য্যোত্তৰ দেৱতা। নৰকাসুৰে খেদি পঠোৱা কিৰাতসকল শিৱ-উপাসক আছিল। কুমাৰ ভাস্কৰবৰ্ম্মাও শিৱ- উপাসক বুলি বানভট্টৰ হৰ্ষচৰিতত কোৱা হৈছে। আকৌ হিউৱেন- চাঙে তেওঁক বিদ্যোৎসাহী, সংগীত কলাপ্ৰেমী বুলি কৈ গৈছে। ডুবিৰ তামৰ ফলিতো হিউৱেনচাঙে ভাস্কৰবৰ্ম্মাৰ ৰাজসভাৰ কামৰূপী নৃত্য-সংগীত দেখি ভূয়সী প্ৰশংসা কৰিছিল বুলি উল্লেখ আছে। মহাৰাজ ধৰ্ম্মপালৰ দান-পত্ৰতো উল্লেখ আছে যে, তৃতীয় শতাব্দীৰ বহু পূৰ্ব্বৰ পৰা কামৰূপৰ শিৱমন্দিৰবোৰত দেৱদাসীয়ে নৃত্য কৰাৰ কথা পৰিব্ৰাজক এলটবৰীয়ে উল্লেখ কৰি গৈছে। (অসমৰ নৃত্য-কলা : সুৰেশ গোস্বামী)। দামোদৰ গুপ্তৰ ‘কুট্টনীমত’ গ্ৰন্থত ভাস্কৰবৰ্ম্মাৰ মৃত্যুত এজনী দেৱদাসীয়ে বিয়োগ-দুখ সহিৰ নোৱাৰি অগ্নিত প্ৰাণ আহুতি দিয়া কথা পোৱা যায়।
এইবোৰ কথালৈ লক্ষ্য কৰি ডুবি দেৱালয় ভাস্কৰবৰ্ম্মাৰ দিনৰে পৰা চলি অহা জনশ্ৰুতি একেবাৰে নিৰৰ্থক নহয় যেন লাগে।
এই প্ৰসঙ্গতে আন এটি কথাত দৃষ্টিপাত কৰি চোৱা ভাল হ’ব। সম্প্ৰতি দেৱালয়ৰ দ’লটো নতুনকৈ নিৰ্ম্মাণ কৰিবলৈ মাটি খান্দোতে বিগ্ৰহ-অৱস্থিত গহ্বৰটোৰ চাৰিওফালে মাটিত পোত গৈ থকা অৱস্থাত আয়তাকাৰৰ কিছুমান শিল পোৱা হৈছে। এসময়ত যে এইবোৰক মন্দিৰ নিৰ্ম্মাণত ব্যৱহাৰ কৰা হৈছিল, শিলৰ গাঁথনিৰ