পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ডুবি দেৱালয় : অতীত আৰু বৰ্ত্তমান

 

ডুবিৰ কথা : ঐতিহাসিক দৃষ্টিৰে

 ডুবি অসমৰ আখ্যানপ্ৰসিদ্ধ আৰু ঐতিহ্যপূৰ্ণ ঠাই। অনুমান হয়, অন্তত ডেৰ হাজাৰ বছৰৰ ইতিহাস ইয়াৰ বুকুত লুকাই আছে। কিছু বছৰ আগতে (১৯৫১ চনত) ডুবিৰ ওচৰতে লুকাই থকা গাড়ীসত্ৰ গাৱঁৰ শ্ৰীলক্ষ্মীকান্ত শৰ্ম্মাৰ ঘৰৰ ভেটিৰ তলত কামৰূপৰ ৰজা ভাস্কৰ- বৰ্ম্মাই দিয়া তামৰ দানপত্ৰ (ছয়খন ফলিযুক্ত) এখন পোৱা হৈছে। ( সম্প্ৰতি এই ফলি ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত অৱস্থাত আছে )। ‘এই লিপিখনৰ উদ্দেশ্য ভাস্কৰৰ আনখন লিপিৰ ( নিধনপুৰৰ লিপি ) দৰে ব্ৰাহ্মণক মাটি দান দিয়া। এই মাটি দান তেওঁৰ কোনো পূৰ্ব্বপুৰুষে দুজন ব্ৰাহ্মণক দিছিল। ভাস্কৰবৰ্ম্মাই ইয়াক নতুনকৈ লিখাই আকৌ আগৰ ব্ৰাহ্মণৰ বংশৰ লোককেই দিছিল। আগৰ কোন ৰজাই এই দান দিছিল, এইখন লিপিৰ পৰা স্পষ্টকৈ বুজা নাযায়। কিন্তু ডঃ সৰকাৰে (ডঃ দীনেশ ৰঞ্জন সৰকাৰ ) এই ৰজাজন ভূতিবৰ্ম্মা হব বুলি অনুমান কৰে। (প্ৰগতি : ডঃ ৰবীন চৌধুৰী )।

 গেইটৰ মতে ভূতিবৰ্ম্মাৰ সময় ৫২০-৫৬০ খৃঃ আৰু ভাস্কৰবৰ্ম্মাৰ সময় ৬০০-৬৫০ খৃঃ। ফলিখনত দান কৰা মাটিৰ স্থানৰ উল্লেখ নাই। ফলিৰ ৬নং ফলিখন হেৰাইছে। তাত স্থানৰ উল্লেখ নিশ্চয় আছিল বুলি