পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বজালী

আছিল। পৰৱৰ্ত্তী কালত ভাওনা লুপ্ত হ'ল। তাৰ ঠাইত গাৱেঁ গাৱেঁ গায়ন-বায়নৰ * দল আৰম্ভ হ'ল। গায়ন-বায়নৰো অস্তিত্ব সময়ৰ সোঁতত হেৰাই যায়। আধুনিক যাত্ৰাগান আৰু থিয়েটাৰ বজালীৰ আকৰ্ষণীয় বস্তু হৈ পৰিল। ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰত বজালী অসমৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি।

 অসমীয়া নাট্যকলাৰ অন্যতম পুৰোহিত ৺সন্তৰাম চৌধুৰীৰ ঘৰ পাঠশালাত। একেধাৰে নাট্যকাৰ, নাট্য-পৰিচালক আৰু সমাজসেৱী আছিল। তেখেতৰ পৰিচালনাতে ‘পাঠশালা নাট্য- সমিতি’য়ে আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰ আগতে ভ্ৰাম্যমান থিয়েটাৰ হিচাবে আদৰ্শ দেখুৱাইছিল। বজালীৰ আন কেইটিমান নাট্যানুষ্ঠান হ’ল পাটাচাৰকুছিৰ ‘হৰেন্দ্ৰ ভৱন’, পাঠশালাৰ বজালী প্ৰগতি সংঘৰ ‘আজাদ ভৱন’, মুগুৰীয়াৰ ‘চিত্ৰলেখা নাট্যমঞ্চ’। নটসূৰ্য্য ৺ফণী শৰ্ম্মাদেৱে নাট্যকলাৰ ক্ষেত্ৰত বজালীক অসমৰ ‘বিশ্ববিদ্যালয়’ বুলি কৈছে।

 মহ’হো, ওজাপালি, ঢুলীয়া, পুতুলা নাচ, মাঘবিহুৰ ভেলাঘৰ, ৰঙালী বিহুৰ পাউৰা তোলা, নাম-কীৰ্ত্তনৰ ৰাগ-ৰাগিনী বজালীৰ প্ৰাচীন লোক-সাংস্কৃতিক অনুষ্ঠান। আজি কিছু বছৰ আগলৈকে বজালীৰ অনেক অসমীয়া মুছলমান লোকেও ভোগালি বিহুত ভেলা- ঘৰ পুৰি বিহু উৎসৱ পালন কৰিছিল। মুছলমান সম্প্ৰদায়ৰ পৰা মাৰৈগোৱা ওজাপালিও বজালীত আছিল।

 ভাৰতৰ প্ৰথম গদ্য-সাহিত্যিক ভট্টদেৱ, অঙ্কৰ পুথি ‘লীলাৱতী’ ভাঙোঁতা বকুল কায়স্থ বজালীৰে মনীষী। ‘পদ্য গীতা’ৰ ৰচক গোবিন্দ মিশ্ৰ আৰু ‘সাত্বত-তন্ত্ৰ’ প্ৰণেতা ভাগৱত মিশ্ৰকো অনেক পণ্ডিতে বজালীতে জন্মা বুলি কয়।

 আধুনিক অসমীয়া সাহিত্যৰ কেবাগৰাকী সাহিত্যিকৰ জন্মও বজালীতে। সেইসকলৰ ভিতৰত স্বভাৱ কবি ৺ধৰ্ম্মকিঙ্কৰ গোস্বামী, কবি ৺ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ, স্বভাৱ কবি শ্ৰীকালিদাস খাটনিয়াৰ (সাহিত্যিক পেন্সনাৰ) ৺হৰেন্দ্ৰ নাথ শৰ্মা (সাহিত্যিক পেন্সনাৰ)


  • এই গায়ন-বায়ন অংকীয়া ভাওনাৰ লগত থকা গায়ন-বায়ন নহয়। ই এটা সুকীয়া নাট্যানুষ্ঠান। কামৰূপ অঞ্চলত ইয়াৰ প্ৰচলন আছিল।