ধোৱাৰ পুখুৰী, সৰিহ-হাউলীৰ বৰপুখুৰী প্ৰধান। ইয়াৰে কিছুমান কোঁচ আৰু কিছুমান আহোম যুগৰ বুলি অনুমান হয়। এই পুখুৰী- বোৰৰ অধিকসংখ্যক উপযুক্ত সংৰক্ষণৰ অভাৱত পিতনি আদি পৰি মৰি যোৱা যেন হৈছে। কিছুমান আকৌ থলুৱা লোকে ম্যাদী পট্টাদি কৰি নিজ দখললৈকো নিছে।
অসমৰ আন আন ঠাইৰ দৰে বজালী অঞ্চলৰ লোকসকলে আদিতে শাক্ত, শৈৱ আৰু নানা লোকিক দেৱতাৰ উপাসক অছিল। শঙ্কৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ প্ৰভৃতি মহাপুৰুষসকলৰ আবিৰ্ভাৱৰ পিচত ইয়াৰ ওপৰত বৈষ্ণৱ ধৰ্ম্মৰ প্ৰভাৱ পৰিবলৈ ধৰে। গোৱিন্দপুৰ সত্ৰ দামোদৰদেৱব প্ৰিয়শিষ্য ভগৱানদেৱে স্থাপন কৰা। পাট্টা আৰু হৰিপুৰ হৰিদেৱী, অকয়া, বামাখাটা মহাপুৰুষীয়া আৰু কালজিৰাপাৰা গোপালদেৱী সত্ৰ। বজালীৰ গাৱেঁ গাৱেঁ একোটা নামঘৰ বা কীৰ্ত্তনঘৰ থকাটো আন এটা লক্ষ্য কৰিবলগীয়া কথা। শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় ৰজাদিনীয়া একমাত্ৰ শৈৱ-শাক্তৰ মিলনত গঢ়ি উঠা ধৰ্ম্মপীঠ। পূৰ্বতে হিচাবে ভোগ আদি দিয়া উলুৱাৰ ভোগী- গোসাঁইৰ থান এতিয়া উন্নত পৰ্য্যায়ৰ ধৰ্ম্মানুষ্ঠান ৰূপে পৰিগণিত হৈছে। পৰিহৰেশ্বৰ দেৱালয় আৰু ভোগীগোসাঁইৰ থানত বিহুৰ সময়ত কেবাদিন ধৰি অসংখ্য নৰনাৰীৰ সমাবেশ হয়। পাটাচাৰকুছিৰ ওচৰৰ বৰনলীকুছিত ‘চন্দ্ৰশেখৰ’ নামৰ দেৱালয় এখন আছিল বুলি শুনা যায়। কুজিদেওৰ চাপাগুৰি মৌজাৰ জালাহৰ উত্তৰে থকা এখন কৃষ্ণমূৰ্ত্তিৰ দেৱালয়। ভুটীয়া ৰজাৰ আমোলত এই মন্দিৰ আৰু বিগ্ৰহ স্থাপন কৰা হৈছিল।
ধৰ্ম্মীয় আচাৰ নথকা কেবাখনো স্মৃতিসভা বজালীত আছে।
সেইবোৰৰ ভিতৰত ৰণাবুঢ়াৰ সভা, মাজিউ বুঢ়াৰ সভা, গাঙাথেৰ
সভা, কাইঠথেৰ সভা প্ৰধান। একোজন খ্যাতিমান পুৰুষৰ সোঁৱৰণত
তেওঁলোকৰ বংশধৰসকলে এনেবোৰ সভা উদ্যাপন কৰে।