পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত

ভূমিকা : বজালীৰ চমু পৰিচয়েৰে

বজালী
 ইতিহাসে গৰকা এই পৰগণাখনে কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ এটি নাতিবৃহৎ অঞ্চল অধিকাৰ কৰি আছে। পুৰণি কালৰে পৰা অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত বজালীয়ে গ্ৰহণ কৰা ভূমিকা লেখত লবলগীয়া। মাজে মাজে হোঁহোকা-পিছলা হৈ থাকিলেও আঠখন মৌজাৰ সমষ্টিকেই বজালী বোলা হয়। আজিও বজালীৰ নামত স্থানীয় ৰাইজৰ আবেগিক ঐক্য বিশেষভাৱে লক্ষণীয়। কোঁচ ৰজা মহাৰাজ নৰনাৰায়ণৰ দিনৰ পৰা (১৫৪০-৮৪ খৃঃ) বজালী নামটো পোৱা যায়। তেতিয়া নাম আছিল ‘বজালী চাকলা’। কেবাখন গাওঁ মিলি একোখন চাকলা গঠিত হৈছিল আৰু একোজন ভূঞাৰদ্বাৰা সেই অঞ্চলটো শাসন কৰা হৈছিল। বজালী চাকলাও তেনে এজন ভূঞাৰ অধীনত আছিল।

 মহাৰাজ নৰনাৰায়ণৰ পিচত এই অঞ্চলটো ৰঘুদেৱৰ অধীনত; তেওঁৰ পিছত পৰীক্ষিত নাৰায়ণৰ অধীনলৈ যায়। ১৬১১ খৃঃত পৰীক্ষিতক পৰাজয় কৰি মোগলে কামৰূপ দখল কৰাৰ পিচত স্বাভাৱিকতে বজালীও মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পৰে। মোগল সম্ৰাট