এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ছ॥
নানা কৰ্মব্যস্ততাৰ মাজেদিও অসম সাংস্কৃতিক বিভাগৰ সঞ্চালক শিল্পী শ্ৰীৰুদ্ৰ বৰুৱাদেৱে পাণ্ডুলিপিটো পঢ়ি দুই-এটি খুটি-নাতি আঙুলিয়াই দিয়াৰ উপৰিও মূল্যবান অভিমত এটি লিখি দি পুথি- খনি গধুৰ কৰি তুলিছে। তেখেতলৈ আমাৰ শলাগ যাচিছোঁ।
দৰাচলতে পাঠশালা সাহিত্য সভাৰ অনুপ্ৰেৰণাতেই ডুবি পৰি- হৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত যুগুত কৰা কামত আগবঢ়া হৈছিল আৰু শেষত সাহিত্য সভাই ইয়াৰ প্ৰকাশৰ ভাৰো গ্ৰহণ কৰিছে। তাৰ বাবে পাঠশালা সাহিত্য সভাৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
পৰিশেষত— পুথিখনি যুগুত কৰোঁতে অনেক ত্ৰুটি-বিচ্যুতি ৰৈ যোৱাটো তেনেই স্বাভাৱিক। বিজ্ঞজনে ভুল-ভ্ৰন্তি আঙুলিয়াই দি সহায় কৰিলে পৰম উপকৃত হম। ইতি—
অধ্যাপক হেম চন্দ্ৰ শৰ্মা
মুনীন্দ্ৰ নাথ শৰ্মা
সতীশ চন্দ্ৰ চৌধুৰী
পাঠশালা
১৭ জানুৱাৰী, ১৯৭৬
জ্যোতি দিৱস।