এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বক্তব্যৰ ক্ষেত্ৰত আধুনিক আৰু প্ৰথাবিৰোধী হ’লেও ছবিৰ কাৰিকৰী দিশত ডঃ শইকীয়াৰ আচৰণ সদায়েই সংৰক্ষণশীল। ছবিৰ দৃশ্যগ্ৰহণ, সম্পাদনা আদিৰ ক্ষেত্ৰত যি পৰিবৰ্তনৰ বতাহ বলিছে, ডঃ শইকীয়াৰ দৰে আধুনিক মনৰ মানুহে তাৰ আমন্ত্ৰণ আৰু কিমান দিন নেওচি থাকিব পাৰিব?

 এটা কথা ঠিক যে শিল্পৰ স্থায়িত্ব নিৰ্ভৰ কৰে শিল্পৰ মাজেৰে প্ৰকাশ পোৱা স্ৰষ্টাৰ জীৱনদৰ্শনৰ ওপৰতহে। এই দিশৰ পৰা স্ৰষ্টা হিচাবে ডঃ শইকীয়াৰ সাফল্য প্ৰশ্নাতীত। কিন্তু সেইবুলিয়েই জানো তেখেতৰ ছবিৰ কাৰিকৰী দিশ সময়ৰ লগে লগে আগবাঢ়ি নাযাব?

 ‘সাৰথি’ ছবিৰ সমালোচনত লেখিছিলোঁ যে ‘সাৰথি’ হ’ল শ্ৰেষ্ঠ অসমীয়া ছবিখন। ‘আৱৰ্তন’ চাই উঠি ক’বলৈ বাধ্য হৈছো⸺ অসমত ডঃ শইকীয়া অপ্ৰতিদ্বন্দী হ’বলৈ আগবাঢ়িছে।

 
৮৩