এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চৰিত্ৰ, আচল স্বৰূপ। ‘আৱৰ্তন’ ছবিৰ চৰিত্ৰবোৰো এই দৰ্শনৰ পোহৰেৰে বিচাৰ কৰা হৈছে। প্ৰতিজন মানুহৰে বাহ্যিক ৰূপটো বেলেগ, আচল ৰূপটো বেলেগ, বাস্তবৰ মুখামুখি হওঁতেহে মানুহবোৰৰ আচল ৰূপটো বাহিৰলৈ ওলাই আহে। নাট্যদল এটি কাৰ্যকলাপ কাহিনীৰ পটভূমি হিচাবে নিৰ্বাচন কৰাৰ ফলত চিত্ৰনাট্যকাৰে বক্তব্য প্ৰকাশ কৰোতে আন এটি যাত্ৰাৰ সংযোজন ঘটাব পাৰিছে।

 এই ধৰণৰ বহুমাত্ৰিক গাঁঠনিয়ে চিত্ৰনাট্যখনৰ Texture অধিক আকৰ্ষণীয় আৰু সবল কৰি তুলিবলৈ সমৰ্থ হৈছে।

 

তিনি

 ‘আৱৰ্তন’ বিশাল আয়োজনৰ ছবি। অলেখ চৰিত্ৰৰ সমাহাৰ, মুহূৰ্তে মুহূৰ্তে সলনি হৈ থকা দৃশ্যপট, বহুমাত্ৰিক চৰিত্ৰ, পটভূমিত গোটখোৱা অলেখ সামগ্ৰী, ইত্যাদিৰ বাবেই পৰিচালকৰ প্ৰয়োজন হয় আসুৰিক দক্ষতাৰ, যাৰ সহায়ত তেখেতে এই সমগ্ৰ আয়োজনটোক নিজৰ ইপ্সিত লক্ষ্যলৈ বাট দেখুৱাই নিব পাৰে। এই ক্ষেত্ৰত পৰিচালক ডঃ শইকীয়া সফল হৈছে বুলি একে আষাৰে ক’ব পাৰি।

 ডঃ শইকীয়াৰ প্ৰতিখন ছবিৰ প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে সু-অভিনয় কৰে এয়া প্ৰমাণিত সত্য। ‘আবৰ্তন’-এও এই পৰম্পৰা ভংগ কৰা নাই। তৎসত্বেও এটা কথা ক’বই লাগিব যে ‘আবৰ্তন’ৰ কাহিনীৰ যি গভীৰতা, বক্তব্যৰ যি আবেদন তাক মূল চৰিত্ৰকেইটিয়ে সাৰ্থক ভাৱে প্ৰকাশ কৰিব পৰা নাই।

 মূল নাৰী-চৰিত্ৰ অভিনেত্ৰী গৰাকীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে মৃদুলা বৰুৱাই যি সুযোগ পাইছিল তেনে সুযোগ একোগৰাকী অভিনেত্ৰীৰ জীৱনলৈ খুব কমেইহে আহে। বহুমাত্ৰিক আৰু বহু গভীৰ এই চৰিত্ৰটি ৰূপায়ন কৰাৰ ক্ষেত্ৰত মৃদুলা বৰুৱাই গতানুগতিকভাবে সংলাপ আওৰাই গ’ল, চৰিত্ৰটি উপলব্ধিৰ কোনো প্ৰকাশ তেখেতৰ অভিনয়ে প্ৰকাশ কৰিব নোৱাৰিলে। সংলাপখিনি বাদ দিলে তেখেতৰ

অভিনয় বুলিবলগীয়া একোৱেই নাই। অভিনয় শিল্পগুণ উপলব্ধি আৰু

৮১